Arogyam Hair Transplant and Cosmetic Surgery Clinic
Arogyam Hair & Cosmetic Clinic, Guwahati, Assam 8811077011, 7637089211 guwahatihairtransplant@gmail.com

চুলি সৰাৰ কাৰণ



ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম সর্বোত্তম চিকিৎসা পদ্ধতিৰে FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে যি আটাইতকৈ কার্যক্ষম, পীড়াহীন আৰু সম্পূর্ণ আৰামদায়ক চিকিৎসা।

ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ইতিমধ্যে গৌৰৱময় তিনিটা বর্ষ অতিক্রম কৰিছে আৰু অসমকে ধৰি মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৩০০ (তিনিশ)তকৈ অধিক ৰোগীক চিকিৎসা প্রদান কৰি সুফল লাভ কৰিছে।

চুলি সৰাৰ প্রধান কাৰণ হৈছে পুৰুষ আর্হিত তপা হোৱাৰ প্রৱণতা বা এনড্র'জেনেটিক এল'পেচিয়া (Male Pattern Baldness, or Androgenetic alopecia.)

পুৰুষ আর্হিৰ তপা হোৱাৰ প্রৱণতাৰ কাৰণ জানিব পৰা নাযায়। ই বংশগতিক হোৱাৰ লগতে ইয়াৰ দেহৰ টেষ্ট'ট'ৰেন হ'ৰম'নৰ পৰিমাণৰ সৈতেও সম্পর্ক আছে। মাক বা দেউতাকৰ পৰা এজন ব্যক্তিয়ে তপা হোৱাৰ প্রৱণতা বংশগতভাৱে লাভ কৰে। টেষ্ট'ট'ৰেনৰ সৈতে ইয়াৰ সম্পর্কৰ কথা ইয়াৰ পৰা জানিব পৰা গৈছে যে, এণ্টি-টেষ্ট'ট'ৰেন দৰৱে চুলি সৰা কম কৰে। কিন্তু এই সম্পর্ক সেয়া জানিব পৰা নাযায়। কাৰণ যিসকল লোকে চুলি হেৰুৱাইছে তেওঁলোকৰ দেহৰ টেষ্ট'ট'ৰেনৰ পার্থক্য কিমান সেয়া জানিব পৰা হোৱা নাই।

চুলিৰ সেঁউতা পাতল হৈ হৈ ক্রমে এজন লোক তপা হোৱা আৰম্ভ কৰে। লাহে লাহে সেঁউতাডাল কুমৰ ফালে M আখৰটোৰ আর্হিত বহল হৈ গৈ থাকে আৰু এসময়ত গোতেই মাজ অংশটো ওলোটা U  আর্হিত তপা হৈ পৰে। ইয়াৰ উপৰিও কিছু পিছৰ ফাললৈও চুলি তপা হৈ গৈ থাকিব পাৰে। কিছু মানুহৰ ক্ষেত্রত এইটো এটা স্বাভাৱিক থা কিন্তু আন কিছুমানৰ সন্মুখ অংশটো তপা হৈ পিছৰখিনি তপা নহ'বও পাৰে।

MPB ৰ আর্হিত আচলতে চুলি নসৰে। সাধাৰণতে মানুহৰ এটা অভ্যাস হৈছে এই যে তেওঁলোকে গা ধুওঁতে মজিয়াত আৰু গাৰুত চুলি পৰিছেনেকি চায় আৰু লগতে আন কিবা লক্ষণ দেখে নেকি চায়, কিন্তু আচলতে এইবোৰ লক্ষণ তপা হোৱাৰ সৈতে সংযুক্ত নহয়। MPB বা পুৰুষ আর্হিত চুলি সৰোঁতে প্রথমতে চুলিৰ গুৰিবোৰ সৰু আৰু পাতল হৈ পৰে আৰু চুলিবোৰ চুটি আৰু ক্ষীণ হৈ পৰে। এইদৰে ক্রমে এই অংশবোৰ চকুত পৰা হৈ আহে। এইব নোৱাৰা হৈ আহিছে। আনকি বহু তপা মানুহৰ চুলি নোহোৱা অংশবোৰ আতচী কাঁচেৰে চালে দেখা যায় যে তাত এতিয়াও কিছু চুলি আছে, যিবোৰ খুব পাতল, চুটি আৰু খালী চকুৰে দেখা পাব নোৱাৰা বিধৰ।

মহিলাৰো তপা হোৱাৰ সমস্যা আছে। কিন্তু পুৰুষতকৈ এই পৰিমাণ বহু কম। তেওঁলোকৰ চুলি সৰাৰ আর্হিটো পুৰুষতকৈ বেলেগ। নির্দিষ্ট এটা আর্হিত তেওঁলোকৰ চুলি নসৰে, যিকোনো ধৰণে সৰিব পাৰে। ইয়াক কোৱা হয় মহিলা আর্হিৰ চুলি সৰাৰ লক্ষণ। এই লক্ষণো বংশানুক্রমিক, কিন্তু পোনপটীয়াকৈ হ'ৰমনৰ লগত সম্পর্কিত নহয়।

এনড্র'জেনেটিক বা পুৰুষ আর্হিত চুলি সৰাৰ বাহিৰেও আন আন কাৰণতো তপা হোৱাৰ সমস্যাটো হয়।

টেলোগেন এফ্লোভিয়াম: এই সমস্যাটো হয় তীব্র মানসিক অশান্তি বা চাপৰ ফলত। তদুপৰি আন আন বেমাৰ যেনে তীব্র জ্বৰ, কোনো গুৰুতৰ অস্ত্রোপচাৰ আদিও তপা হোৱা সমস্যাৰ অন্যতম কাৰণ। এনে অসুখবোৰে চুলিক এটা অকর্মক বা ভাগৰুৱা অৱস্থালৈ লৈ যায়। সেয়ে এনে হোৱাৰ এমাহৰ পৰা তিনিমাহৰ ভিতৰত সাংঘাতিক ধৰণে চুলি সৰিবলৈ আৰম্ভ কৰে। গাৰুত লাগি থকা অৱস্থাত বা বাথৰুমৰ মজিয়াত সেয়ে বহু সৰা চুলি দেখা যায়।

দৰৱৰ পার্শ্বক্রিয়া: উচ্চ ৰক্তচাপ, মধুমেহ, হৃদপিণ্ডৰ অসুস্থতা বা ক'লেষ্টেৰলৰ বাবেও চুলি সৰা সমস্যাটো হ'ব পাৰে।

আইৰণ মেটাবলিজম: শৰীৰত আইৰণৰ যথোপযুক্ত উপস্থিতি নথকাৰ ফলতো চুলি সৰা সমস্যা হ'ব পাৰে। এনিমিয়া বা তেনে কোনো সমস্যা নহ'লেও আইৰণ কমি যাব পাৰে, যাৰ ফলত চুলি সৰিব পাৰে।

উচ্চ কলেষ্টেৰল: উচ্চ কলেষ্টেৰল চুলি সৰাৰ অন্যতম কাৰণ। ইয়াৰ ফলত চুলিৰ গুৰিলৈ তেজ চলাচলৰ পৰিমাণ কমি যায় আৰু সেয়ে তালুৰ চুলি কমি যায়।

হাইঅ'থাইৰয়ডিজম: থাইৰয়ড হৰমন কম থাকিলেও চুলি সৰা সমস্যাটো হ'ব পাৰে।

মধুমেহ: মধুমেহ ৰোগ হ'লে চুলিৰ গুৰিলৈ তেজ চলাচল কমি যায় আৰু সেয়ে চুলি সৰা সমস্যাটো হ'ব পাৰে।

পৰিপুষ্টিজনিত সমস্যা: শৰীৰত পৰিপুষ্টি যেনে জিংক, বাইঅ'টিন আৰু প্র'টিন আদি কমি গ'লে চুলি সৰা সমস্যা হয়।

এলোপেছিয়া এৰেটা: এনে হ'লে এটা সৰু অংশৰ পৰা গোলকৈ লাহে লাহে চুলি সৰি নোহোৱা হয়। এনে হোৱাৰ কাৰণ জনা নাযায়।

এই সকলোবোৰ কাৰণেই চুলি সৰাৰ বাবে দায়ী। এনে সমস্যাবোৰ পুৰুষ আর্হিত চুলি সৰাৰ কাৰণ হৈ পৰে আৰু পিছত লাহে লাহে ব্যক্তিজন তপা হৈ পৰে। সেয়ে তপা হোৱা সমস্যাত ভোগা ৰোগী এজনৰ সৈতে কথা পাতোঁতে এই সকলোবোৰ সমস্যাৰ বিষয়ে জানি লোৱাটো বাঞ্চনীয়।

Contact us

For more info on Hair Transplant, fill in the details below and submit: Our Representative will contact you very shortly.

New: Online consultation tool for graft estimate.

Upload five pictures of your head – front, back,top, left and right profile, to get an estimate of the grafts that you will need.


Submit



ABHRS - The Only Recognized Hair Transplant Surgery Certification Worldwide
The Only Recognized Hair Transplant Surgery Certification Worldwide

মানদণ্ডৰ সুনিশ্চিতি:

আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ’ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল’ব লগা ব্যৱস্থা সমূহ হ’ল:

 নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।  

Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা অক্রান্ত হোৱাৰ কোনো আশংকা নাথাকে। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।

পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত এটা আন্তঃৰাষ্ট্রীয় মান দখল কৰিছে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।

শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এইয়াই হৈছে এই প্রক্রিয়াই ল'ব পৰা সকলোতকৈ কম সময়। আন বহু কেন্দ্রই এই একে প্রক্রিয়াৰ বাবে সময় লয় ৪-৫ ঘণ্টা বা ততোধিক। আমি এই শৰীৰ সময়কলৈ গৌৰৱান্বিত। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।

অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ Pই. জে মজুমদাৰ এই ক্ষেত্রত ৰোগীসকলৰ বাবে সদায়ে উপলব্ধ হৈ আছে আৰু কোনো ৰোগীয়ে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।

 

More articles

For an appointment, call or message 8811077011

Get in touch

We will call you back on this number. Privacy policy