Arogyam Hair Transplant and Cosmetic Surgery Clinic
Arogyam Hair & Cosmetic Clinic, Guwahati, Assam 8811077011, 7637089211 guwahatihairtransplant@gmail.com

তপা হোৱা সমস্যাৰ চিকিৎসা

মই ক্রমান্বয়ে তপা হ’বলৈ ধৰিছোঁ আৰু ই মোক খুব হতাশ কৰিছে। ইয়াৰ পৰা পৰিত্রাণৰ উপায় কি?

চুলি সৰাৰ চিকিৎসা কি আছে? ইয়াক কিদৰে ৰোধ কৰিব পাৰি? চুলি সৰাৰ চিকিৎসা কৰাৰ কিবা কার্যকৰী বিশ্বাসযোগ্য চিকিৎসা পদ্ধতি আছেনে?

hair transplant in Guwahati

অতি পুৰণি কালৰ পৰাই অসংখ্য পুৰুষক এই প্রশ্নবিলাকে আমনি দি আহিছে। যুগ যুগান্তৰৰ এই উত্তৰহীন প্রশ্নৰ সম্পূর্ণ বিজ্ঞানসন্মত উত্তৰ একৈশ শতিকাত পোৱা গ’ল- চুলি সংৰোপন (H.T.) ব্যৱস্থাৰ দ্বাৰা। FUE প্রক্রিয়াৰে সম্ভৱ হোৱা এই অত্যাধুনিক চিকিৎসা বর্তমান অসমৰ গুৱাহাটীকে ধৰি সমগ্র উত্তৰ পূর্বাঞ্চলত উপলব্ধ।

তপা হোৱা সমস্যাটোৱে সকলো পুৰুষকে যন্ত্রণা দিয়ে। এক বংশগতিক ৰোগ হিচাপে দেখা দিয়াৰ লগতে বয়সৰ চাপো পেলায়।

এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰে যেতিয়া ই বয়সৰ লগত সংগতি নেদেখুৱায়। উদাহৰণস্বৰূপে এজন বিশ-ত্রিশ বছৰ বয়সৰ ভিতৰৰ লোকে চুলি সৰি বহুত বেছি বয়স হোৱা যেন দেখায় বা চল্লিশ বছৰৰ এজন লোকক যেতিয়া ৬০ৰো বেছি হোৱা যেন লাগে, মানুহজন হতাশাত ভোগে, এক কৃত্রিম দৈহিক বিকাৰত ভোগে।

এইদৰে চুলি সৰি তপা হোৱা কাৰকে এজন লোকক বয়সতকৈ বেছি বুঢ়া হোৱা যেন দেখায়। এই সমস্যাই এজন মানুহৰ সামাজিক আৰু কর্মক্ষেত্রত বিয়োগাত্মক প্রভাৱ পেলাব পাৰে। যিসকল লোকে নিজৰ এই সমস্যাটোক লৈ বিশেষভাৱে চিন্তিত অথবা বেছি উদ্বিগ্ন তেওঁলোকক তপা হোৱা সমস্যাই অন্য লোকৰ সতে মুখামুখি হোৱাটো কষ্টকৰ হ’ব পাৰে।

মহিলাসকলে যদি এই সমস্যাত ভোগে তেনেহ’লে ই তেওঁলোকৰ বাবে অতি চিন্তাৰ কাৰণ হৈ পৰে, যিহেতু তেওঁলোকে শিৰৰ ভূষণস্বৰূপ চুলিখিনি হেৰুৱালে নিজৰ সৌন্দর্য্য বহুলাংশে হ্রাস পোৱা বুলি অনুভৱ কৰে।

শতিকা শতিকা যুৰি তপা হোৱা সমস্যাক ৰোধ কৰাৰ ভিন্ন প্রচেষ্টা পৃথিৱীৰ সকলো ঠাইতে চলি আহিছে। এই সমস্যাসমূহ ৰোধ কৰাৰ কি কি প্রণালী আছে এতিয়া আমি আলোচনা কৰিম-

Magic Cure (যাদুকৰি শক্তি) সমাজত বিভিন্ন পৰম্পৰাগত যাদু-মন্ত্র আদি প্রয়োগ কৰি চুলি সৰাৰ চিকিৎসা কৰা হয়। বিশ্বাস অবিশ্বাসৰ মাজত থকা এনে দুটামান প্রথা হ’ল- চুলি নথকা অংশত সৰু ল’ৰাৰ লিংগ স্পর্শ কৰোৱা, গৰম সেক দি, ঠাণ্ডা কৰি, বায়ুশূন্য কৰি….ইত্যাদি।

Mesotherapy: Magic Cure প্রথাৰ দৰেই Mesotherapy এটা প্রথা। ইয়াতো কোনো বিজ্ঞানসন্মত সত্যতা নাই। মেচ’থেৰাপীৰ বিষয়ে ইয়াত আলোচনা উপলব্ধ।

Hair oils: বিভিন্ন তেলৰ ব্যৱহাৰ কৰিও চুলি সৰা সমস্যা ৰোধৰ চেষ্টা কৰা যায়। ভাৰতবর্ষত এনে বহু তেলৰ ব্যৱহাৰৰ পৰম্পৰা আছে। সেইবোৰৰ ভিতৰত Coconut oil, Sesame seed oil, Castor oil আদি উল্লেখনীয়। কিন্তু অসংখ্য তপামূৰীয়া মানুহৰ মাজত ইয়াৰ অতি কমহে ব্যৱহাৰ বা পৰীক্ষা চলে।

Get in touch

We will call you back on this number. Privacy policy