Arogyam Hair Transplant and Cosmetic Surgery Clinic
Arogyam Hair & Cosmetic Clinic, Guwahati, Assam 8811077011, 7637089211 guwahatihairtransplant@gmail.com

চুলি সৰাৰ কাৰণ

চুলি সৰাৰ প্রধান কাৰণ হৈছে পুৰুষ আর্হিত তপা হোৱাৰ প্রৱণতা বা এনড্র’জেনেটিক এল’পেচিয়া (Male Pattern Baldness, or Androgenetic alopecia.)

পুৰুষ আর্হিৰ তপা হোৱাৰ প্রৱণতাৰ কাৰণ জানিব পৰা নাযায়। ই বংশগতিক হোৱাৰ লগতে ইয়াৰ দেহৰ টেষ্ট’ট’ৰেন হ’ৰম’নৰ পৰিমাণৰ সৈতেও সম্পর্ক আছে। মাক বা দেউতাকৰ পৰা এজন ব্যক্তিয়ে তপা হোৱাৰ প্রৱণতা বংশগতভাৱে লাভ কৰে। টেষ্ট’ট’ৰেনৰ সৈতে ইয়াৰ সম্পর্কৰ কথা ইয়াৰ পৰা জানিব পৰা গৈছে যে, এণ্টি-টেষ্ট’ট’ৰেন দৰৱে চুলি সৰা কম কৰে। কিন্তু এই সম্পর্ক সেয়া জানিব পৰা নাযায়। কাৰণ যিসকল লোকে চুলি হেৰুৱাইছে তেওঁলোকৰ দেহৰ টেষ্ট’ট’ৰেনৰ পার্থক্য কিমান সেয়া জানিব পৰা হোৱা নাই।

চুলিৰ সেঁউতা পাতল হৈ হৈ ক্রমে এজন লোক তপা হোৱা আৰম্ভ কৰে। লাহে লাহে সেঁউতাডাল কুমৰ ফালে M আখৰটোৰ আর্হিত বহল হৈ গৈ থাকে আৰু এসময়ত গোতেই মাজ অংশটো ওলোটা U আর্হিত তপা হৈ পৰে। ইয়াৰ উপৰিও কিছু পিছৰ ফাললৈও চুলি তপা হৈ গৈ থাকিব পাৰে। কিছু মানুহৰ ক্ষেত্রত এইটো এটা স্বাভাৱিক থা কিন্তু আন কিছুমানৰ সন্মুখ অংশটো তপা হৈ পিছৰখিনি তপা নহ’বও পাৰে।

MPB ৰ আর্হিত আচলতে চুলি নসৰে। সাধাৰণতে মানুহৰ এটা অভ্যাস হৈছে এই যে তেওঁলোকে গা ধুওঁতে মজিয়াত আৰু গাৰুত চুলি পৰিছেনেকি চায় আৰু লগতে আন কিবা লক্ষণ দেখে নেকি চায়, কিন্তু আচলতে এইবোৰ লক্ষণ তপা হোৱাৰ সৈতে সংযুক্ত নহয়। MPB বা পুৰুষ আর্হিত চুলি সৰোঁতে প্রথমতে চুলিৰ গুৰিবোৰ সৰু আৰু পাতল হৈ পৰে আৰু চুলিবোৰ চুটি আৰু ক্ষীণ হৈ পৰে। এইদৰে ক্রমে এই অংশবোৰ চকুত পৰা হৈ আহে। এইব নোৱাৰা হৈ আহিছে। আনকি বহু তপা মানুহৰ চুলি নোহোৱা অংশবোৰ আতচী কাঁচেৰে চালে দেখা যায় যে তাত এতিয়াও কিছু চুলি আছে, যিবোৰ খুব পাতল, চুটি আৰু খালী চকুৰে দেখা পাব নোৱাৰা বিধৰ।

মহিলাৰো তপা হোৱাৰ সমস্যা আছে। কিন্তু পুৰুষতকৈ এই পৰিমাণ বহু কম। তেওঁলোকৰ চুলি সৰাৰ আর্হিটো পুৰুষতকৈ বেলেগ। নির্দিষ্ট এটা আর্হিত তেওঁলোকৰ চুলি নসৰে, যিকোনো ধৰণে সৰিব পাৰে। ইয়াক কোৱা হয় মহিলা আর্হিৰ চুলি সৰাৰ লক্ষণ। এই লক্ষণো বংশানুক্রমিক, কিন্তু পোনপটীয়াকৈ হ’ৰমনৰ লগত সম্পর্কিত নহয়।

এনড্র’জেনেটিক বা পুৰুষ আর্হিত চুলি সৰাৰ বাহিৰেও আন আন কাৰণতো তপা হোৱাৰ সমস্যাটো হয়।

টেলোগেন এফ্লোভিয়াম: এই সমস্যাটো হয় তীব্র মানসিক অশান্তি বা চাপৰ ফলত। তদুপৰি আন আন বেমাৰ যেনে তীব্র জ্বৰ, কোনো গুৰুতৰ অস্ত্রোপচাৰ আদিও তপা হোৱা সমস্যাৰ অন্যতম কাৰণ। এনে অসুখবোৰে চুলিক এটা অকর্মক বা ভাগৰুৱা অৱস্থালৈ লৈ যায়। সেয়ে এনে হোৱাৰ এমাহৰ পৰা তিনিমাহৰ ভিতৰত সাংঘাতিক ধৰণে চুলি সৰিবলৈ আৰম্ভ কৰে। গাৰুত লাগি থকা অৱস্থাত বা বাথৰুমৰ মজিয়াত সেয়ে বহু সৰা চুলি দেখা যায়।

দৰৱৰ পার্শ্বক্রিয়া: উচ্চ ৰক্তচাপ, মধুমেহ, হৃদপিণ্ডৰ অসুস্থতা বা ক’লেষ্টেৰলৰ বাবেও চুলি সৰা সমস্যাটো হ’ব পাৰে।

আইৰণ মেটাবলিজম: শৰীৰত আইৰণৰ যথোপযুক্ত উপস্থিতি নথকাৰ ফলতো চুলি সৰা সমস্যা হ’ব পাৰে। এনিমিয়া বা তেনে কোনো সমস্যা নহ’লেও আইৰণ কমি যাব পাৰে, যাৰ ফলত চুলি সৰিব পাৰে।

উচ্চ কলেষ্টেৰল: উচ্চ কলেষ্টেৰল চুলি সৰাৰ অন্যতম কাৰণ। ইয়াৰ ফলত চুলিৰ গুৰিলৈ তেজ চলাচলৰ পৰিমাণ কমি যায় আৰু সেয়ে তালুৰ চুলি কমি যায়।

হাইঅ’থাইৰয়ডিজম: থাইৰয়ড হৰমন কম থাকিলেও চুলি সৰা সমস্যাটো হ’ব পাৰে।

মধুমেহ: মধুমেহ ৰোগ হ’লে চুলিৰ গুৰিলৈ তেজ চলাচল কমি যায় আৰু সেয়ে চুলি সৰা সমস্যাটো হ’ব পাৰে।

পৰিপুষ্টিজনিত সমস্যা: শৰীৰত পৰিপুষ্টি যেনে জিংক, বাইঅ’টিন আৰু প্র’টিন আদি কমি গ’লে চুলি সৰা সমস্যা হয়।

এলোপেছিয়া এৰেটা: এনে হ’লে এটা সৰু অংশৰ পৰা গোলকৈ লাহে লাহে চুলি সৰি নোহোৱা হয়। এনে হোৱাৰ কাৰণ জনা নাযায়।

এই সকলোবোৰ কাৰণেই চুলি সৰাৰ বাবে দায়ী। এনে সমস্যাবোৰ পুৰুষ আর্হিত চুলি সৰাৰ কাৰণ হৈ পৰে আৰু পিছত লাহে লাহে ব্যক্তিজন তপা হৈ পৰে। সেয়ে তপা হোৱা সমস্যাত ভোগা ৰোগী এজনৰ সৈতে কথা পাতোঁতে এই সকলোবোৰ সমস্যাৰ বিষয়ে জানি লোৱাটো বাঞ্চনীয়।

Get in touch

We will call you back on this number. Privacy policy