Arogyam Hair & Cosmetic Clinic
চুলি সংৰোপণ গুৱাহাটী – আৰোগ্যম চুলি সংৰোপণ ক্লিনিক
আমাৰ বিষয়ে
ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ২০১২ চনৰ পৰা গুৱাহাটীত FUE পদ্ধতিৰে চুলি সংৰোপন কৰি আহিছে আৰু অসমকে ধৰি
মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৰোগীক চিকিৎসা প্রদান কৰি আহিছে।
ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম
FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে, যি এক আধুনিক আৰু কম কষ্টদায়ক চিকিৎসা পদ্ধতি।

আমাক কিয় বাছি ল’ব
প্রতিটো ক্লিনিকে তেওঁলোকৰ কামখিনি সত্য আৰু সঠিক বুলি সদায়েই দাবী কৰে যদিও এইটো বিচাৰ বিবেচনা কৰাটো যথেষ্ট টান কাম। কিন্তু আটাইতকৈ ভাল ফলাফল পাবলৈ হলে এইটো অতি প্রয়োজন। হেয়াৰ ট্রাঞ্চপ্লেন্টৰ বিষয়ে এইটো এটা প্রতিষ্ঠিত নিয়ম, কিন্তু সস্তাৰ ক্লিনিকবোৰে উজু আৰু চমু বাটেৰে ধন ঘটিবলৈ সদায়েই চেষ্টা চলাই থাকে। ইয়াৰ বাবে ব্যৱহৃত যন্ত্রপাতি যিমানখিনি সম্ভব কম দামত কিনিলৈ সেইবোৰ ব্যৱহাৰ কৰি অধিক লাভৰ চেষ্টা কৰি থাকে।
- চিকিৎসকৰ অৰ্হতা: ড০ পি. জে. মজুমদাৰ American Board of Hair Restoration Surgery (ABHRS)ৰ ডিপ্লোমেট আৰু এই অঞ্চলৰ প্ৰথমজন ABHRS ডিপ্লোমেট। সকলো চিকিৎসা আমেৰিকান আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা কঠোৰভাৱে মানি কৰা হয়।
- চিকিৎসাৰ সুৰক্ষা: ৰোগীৰ সুৰক্ষাৰ বাবে চিকিৎসাৰ সময়ত জৰুৰীকালীন ব্যৱস্থা থকাটো অতি প্ৰয়োজনীয়। আৰোগ্যমে কঠোৰ সুৰক্ষা নিয়ম মানি চলে, কিয়নো চিকিৎসা ডাউনটাউন হস্পিটেলৰ মূল অপাৰেচন থিয়েটাৰত (OT) সম্পূৰ্ণ জৰুৰীকালীন ব্যৱস্থাৰ সৈতে কৰা হয়।
- অভিজ্ঞতা: ড০ পি. জে. মজুমদাৰে ২০১২ চনত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম FUE চুলি সংৰোপন কৰিছিল। আৰোগ্যম হেয়াৰ এণ্ড কসমেটিক ক্লিনিক উত্তৰ-পূৰ্বাঞ্চলৰ এখন সুপৰিচিত চুলি সংৰোপন কেন্দ্ৰ, য’ত প্ৰতি বছৰে বহু সংখ্যক চিকিৎসা কৰা হয়।
- একেজন বিশেষজ্ঞ: প্ৰথম পৰামৰ্শ, হেয়াৰলাইনৰ পৰিকল্পনা, OTৰ মূল পদক্ষেপসমূহ (গ্ৰাফ্ট উলিওৱা আৰু স্লিট তৈয়াৰ কৰা) আৰু অস্ত্ৰোপচাৰৰ পিছৰ যত্নলৈকে চিকিৎসাৰ সকলো পদক্ষেপ ড০ পি. জে. মজুমদাৰে নিজে কৰে। তেওঁ গুৱাহাটীতে থাকে, সেয়ে অস্ত্ৰোপচাৰৰ পিছৰ যিকোনো প্ৰশ্নৰ বাবে আৰোগ্যম হেয়াৰ এণ্ড কসমেটিক ক্লিনিক আৰু ডাউনটাউন হস্পিটেলত উপলব্ধ থাকে।
- আধুনিক যন্ত্ৰপাতি: আৰোগ্যমত 6X Heine Loupes, Blunt Titanium punch, Choi Implanter, Laser Hairline machine, Needleless injector আদি আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয়।
- নৈতিক আৰু কাৰিকৰী মানদণ্ড: ABHRS আৰু ISHRSৰ সকলো আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা মানি চলা হয়, যেনে নৈতিকভাৱে খৰচ নিৰ্ধাৰণ, গণনা-ট্ৰেৰ ছবিৰে গ্ৰাফ্টৰ সংখ্যা আৰু মান পৰীক্ষা, বিশ্বাসযোগ্য পৰামৰ্শ, আৰু প্ৰতিটো পদক্ষেপৰ সম্পূৰ্ণ তথ্য।
- সতর্কবাণী: চুলি সংৰোপন এক অস্ত্রোপচাৰ প্রক্রিয়া আৰু ইয়াৰ ফলাফল ব্যক্তি আৰু বয়স অনুসৰি বেলেগ বেলেগ হ’ব পাৰে।
চুলি সংৰোপনৰ খৰচ
চুলি সংৰোপনৰ খৰচ বিভিন্ন কাৰণত বেলেগ বেলেগ হয়।
সংৰোপন পদ্ধতি লৈয়ো খৰচৰ তাৰতম্য হ'ব পাৰে।
গ্রাফ্ট হ’ল চুলিৰ গুৰিৰ (ফলিকলৰ) এটা থোপা। চুলিৰ গুৰিবোৰ অকলশৰীয়াকৈ নাথাকে, থোপা থোপাকৈ থাকে; এই থোপাবোৰকে ফলিকুলাৰ ইউনিট বা গ্রাফ্ট বোলা হয়। গ্রাফ্টবোৰ এটা এটাকৈ উলিয়াই সংৰোপন কৰা হয় আৰু প্রতিটো গ্রাফ্টত ১, ২, ৩ বা তাতকৈ বেছি চুলি থাকে। Strip method তকৈ FUEত খৰচ বেছি, কিন্তু FUE এক নির্ভৰযোগ্য পদ্ধতি। অতি কম সংখ্যক চিকিৎসকৰহে এই চিকিৎসাৰ জ্ঞান আছে। FUE পদ্ধতিয়ে Strip methodতকৈ বহু বেছি সময়ো লয়।
অতি উচ্চ পর্যায়ৰ সুবিধাযুক্ত চিকিৎসালয়ৰ খৰচ এখন কম সুবিধাযুক্ত চিকিৎসালয় এখনতকৈ বেছি হোৱাটো স্বাভাৱিক।
- স্থান বিশেষেও খৰচৰ পার্থক্য থাকে।
- এখন বৃহৎ মহানগৰতকৈ সৰু নগৰত খৰচ বহু কম হ'ব।
- ব্যক্তি বিশেষেও তাৰতম্য হ'ব পাৰে।
F.A.Q
সততে উত্থাপন হোৱা প্রশ্নবোৰ:
চুলিৰ পুনঃ সংৰোপনেই চুলি সৰাৰ একমাত্র চিকিৎসা নেকি?
নহয়। চুলি সৰা বা অন্য সমস্যাৰ চিকিৎসাও আমাৰ লগত আছে। যেতিয়া এজন লোকে আমাৰ লগত তেওঁৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহে, তেতিয়া প্রথমে আমি তেওঁৰ চুলিৰ প্রধান সমস্যাবিলাক জানি বুজি লওঁ আৰু তাৰ উচিত চিকিৎসাৰ পথ নিৰূপন কৰো। ঔষধৰ দ্বাৰা বিভিন্ন চুলিৰ সমস্যাৰ পৰা উপশম পোৱা যায়। যিবোৰ সমস্যা দৰবৰ দ্বাৰাই চিকিৎসা কৰাৰ ৰাস্তা থাকে প্রথমতে দৰৱেই প্রয়োগ কৰা যায়। যেতিয়া চুলি সংৰোপন অতি প্রয়োজনীয় তেতিয়াহে চুলি সংৰোপন কৰা যায়।
খৰচ কিমান হ’ব পাৰে?
এই কৃত্রিম ব্যৱস্থাত খৰচৰ মাত্রাক লৈ সকলো ৰোগীয়েই চিন্তিত হয়। প্রত্যেকে জানিব বিচাৰে সমগ্র চিকিৎসা ব্যয় আৰম্ভণিৰ পৰা পিছলৈ উত্তম, আলপৈছান ধৰালৈকে ব্যয়ৰ পৰিমাণ কিমান হ’ব পাৰে। চুলি সংৰোপনত কেইবাটাও বিষয়ত খৰচ আহিব পাৰে। ষ্ট্রিপ মেথডতকৈ FUE মেথডত খৰচ বেছি। ডাউন তাউন হেয়াৰ ট্রেন্ষপ্লেণ্ট চেনটাৰে FUEৰ দ্বাৰা উত্তৰ পূর্বাঞ্চলৰ ৰোগীসকলক যুক্তিসংগত খৰচত এই চিকিৎসা প্রদানৰ চেষ্টা কৰি আহিছে।
চুলি সংৰোপনৰ খৰচৰ বিষয়ে অধিক জানিবলৈ এই কথাখিনি পঢ়ক

ড০ পি. জে. মজুমদাৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ABHRS (American Board of Hair Restoration Surgery) ডিপ্লোমেট। ABHRS ডিপ্লোমেটৰ মৰ্যাদা এক দীঘলীয়া প্ৰক্ৰিয়াৰে লাভ কৰিব লাগে: চিকিৎসাৰ ফলাফল আৰু দক্ষ অভিজ্ঞতাৰ প্ৰমাণ দাখিল কৰিব লাগে, আৰু এক কঠিন মৌখিক আৰু তাত্ত্বিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। সকলো চিকিৎসা ISHRS আৰু ABHRSৰ আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি কৰা হয়।
আমাৰ বঁটা
আৰোগ্যম হেয়াৰ এণ্ড কসমেটিক ক্লিনিকে BRW আৰু Times Now News চেনেলৰ Iconic Awards 2018ত "Best Hair Transplant Clinic in the North East" বঁটা লাভ কৰিছে।
২০২০ চনৰ ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত News18 Healthcare Excellence Awards 2020ত আৰোগ্যম হেয়াৰ এণ্ড কসমেটিক ক্লিনিকে "The Best Wellness Service Provider"ৰ প্ৰশংসা-পত্ৰ লাভ কৰিছে।


ৰোগীৰ মতামত
আৰোগ্যম হেয়াৰ এণ্ড কসমেটিক ক্লিনিকৰ Google ৰিভিউ, ৰিভিউ দিওঁতাসকলে নিজে লিখা ইংৰাজী ভাষাতে দিয়া হ’ল। ফলাফল ব্যক্তি অনুসৰি বেলেগ বেলেগ হ’ব পাৰে।
Had nice experience with my Hair transplant treatment. Staffs behaviour is also pretty good. Had nice hair regrowth result too. Thank you.
Dipankar PaulGoogle ৰিভিউ
I have done hair transplant at Downtown Arogyam hair transplant clinic in Guwahati. The clinic staff guide me properly and clear my doubts in consultation and doctor is not in hurry before going for hair transplantation. I would for sure recommend to anyone looking for hair transplant in Guwahati. Really had a great experience and satisfied hair results.
Rukuve DozoGoogle ৰিভিউ
Satisfactory with the treatment of Dr. PJ Mazumdar sir. Very good atmosphere and Well maintain surgery room. Good and friendly behaviors of nursing sisters.
Moshaso MiningGoogle ৰিভিউ
মানদণ্ডৰ সুনিশ্চিতি:
আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ’ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল’ব লগা ব্যৱস্থা সমূহ হ’ল:
নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।
Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা আক্রান্ত হোৱাৰ আশংকা কম হয়। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।
পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত আন্তঃৰাষ্ট্রীয় মান অনুসৰণ কৰে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।
শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ফলাফলেই অধিক গুৰুত্বপূর্ণ।
অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ পি. জে. মজুমদাৰ আৰু ক্লিনিক এই সময়ছোৱাত ৰোগীসকলৰ যিকোনো প্রশ্নৰ বাবে উপলব্ধ হৈ থাকে।
যোগাযোগ
ড০ পি. জে. মজুমদাৰৰ সৈতে যোগাযোগৰ তথ্য
আৰোগ্যম চুলি সংৰোপন কেন্দ্র
সাক্ষাতৰ সময়:
ডাউন টাউন হস্পিটেল:
দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ
দেওবাৰৰ বাহিৰে আন সকলো দিনত
আৰোগ্যম মাল্টি স্পেছিযেলিটি হেল্থ ক্লিনিক:
দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ
দেওবাৰৰ বাহিৰে আন সকলো দিনত
ঠিকনা: আৰোগ্যম মাল্টি স্পেছিযেলিটি হেল্থ ক্লিনিক, ৰুক্মীনিগাওঁ, জি এছ ৰোড, ডাউন টাউন হস্পিটেলৰ পৰা প্রায় ৫০ মিটাৰ দূৰত্বত, ছয়মাইলৰ দিশে
