প্রক্রিয়াৰ দিনাখন কি হয়?

প্রক্রিয়াৰ দিনাখন কি হয়?


ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম সর্বোত্তম চিকিৎসা পদ্ধতিৰে FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে যি আটাইতকৈ কার্যক্ষম, পীড়াহীন আৰু সম্পূর্ণ আৰামদায়ক চিকিৎসা।
ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ইতিমধ্যে গৌৰৱময় তিনিটা বর্ষ অতিক্রম কৰিছে আৰু অসমকে ধৰি মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৩০০ (তিনিশ)তকৈ অধিক ৰোগীক চিকিৎসা প্রদান কৰি সুফল লাভ কৰিছে।

কেনেকৈ হেয়াৰ ট্রেঞ্চপ্লেন্ট ডক্টৰ আৰু ক্লিনিক বাছনি কৰা হয়?

Contact us

For more info on Hair Transplant, fill in the details below and submit: Our Representative will contact you very shortly.

New: Online consultation tool for graft estimate.

Upload five pictures of your head - front, back,top, left and right profile, to get an estimate of the grafts that you will need.

মানদণ্ডৰ সুনিশ্চিতি:

আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ'ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল'ব লগা ব্যৱস্থা সমূহ হ'ল:

 নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।  

Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা অক্রান্ত হোৱাৰ কোনো আশংকা নাথাকে। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।

পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত এটা আন্তঃৰাষ্ট্রীয় মান দখল কৰিছে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।

শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এইয়াই হৈছে এই প্রক্রিয়াই ল'ব পৰা সকলোতকৈ কম সময়। আন বহু কেন্দ্রই এই একে প্রক্রিয়াৰ বাবে সময় লয় ৪-৫ ঘণ্টা বা ততোধিক। আমি এই শৰীৰ সময়কলৈ গৌৰৱান্বিত। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।

অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ Pই. জে মজুমদাৰ এই ক্ষেত্রত ৰোগীসকলৰ বাবে সদায়ে উপলব্ধ হৈ আছে আৰু কোনো ৰোগীয়ে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।

 

ৰচনাৰ সুচী

ড০ পি.জে মজুমদাৰৰ শিক্ষাগত অর্হতাৰ বিষয়ে সবিশেষ তথ্য ইয়াত লাভ কৰিব পাৰে (Link to Academic Certificates) তেওঁৰ ৰিজিউম ইয়াত চাব পাৰে: ৰিজিউম।(Link to Resume) যোগাযোগৰ ঠিকনা আৰু আন আন তথ্যৰ বাবে যোগাযোগলৈ যাওক। (Link to Contact) এই ব্লগটোত মূলতঃ চুলি সংৰোপনৰ বিষয়ে লেখনি আছে। ডাউন টাউন চুলি সংৰোপন কেন্দ্রত হোৱা চুলি সংৰোপনৰ ছবি চাবলৈ গেল্যাৰীলৈ যাওক। ব্লগ, ফ'ৰাম আৰু গেল্যাৰী পৃষ্ঠাসমূহ এতিয়াও নির্মাণৰত অৱস্থাত আছে। অনুগ্রহ কৰি প্রায় এমাহৰ পিছত আকৌ এবাৰ চাওক।

- By Palash Mazumdar