Basics of Hair Transplant
চুলি সৰাৰ চিকিৎসা কি আছে? ইয়াক কিদৰে ৰোধ কৰিব পাৰি? চুলি সৰাৰ চিকিৎসা কৰাৰ কিবা কার্যকৰী বিশ্বাসযোগ্য চিকিৎসা পদ্ধতি আছেনে?
অতি পুৰণি কালৰ পৰাই অসংখ্য পুৰুষক এই প্রশ্নবিলাকে আমনি দি আহিছে। যুগ যুগান্তৰৰ এই উত্তৰহীন প্রশ্নৰ সম্পূর্ণ বিজ্ঞানসন্মত উত্তৰ একৈশ শতিকাত পোৱা গ'ল- চুলি সংৰোপন (H.T.) ব্যৱস্থাৰ দ্বাৰা। FUE প্রক্রিয়াৰে সম্ভৱ হোৱা এই অত্যাধুনিক চিকিৎসা বর্তমান অসমৰ গুৱাহাটীকে ধৰি সমগ্র উত্তৰ পূর্বাঞ্চলত উপলব্ধ।
তপা হোৱা সমস্যাটোৱে সকলো পুৰুষকে যন্ত্রণা দিয়ে। এক বংশগতিক ৰোগ হিচাপে দেখা দিয়াৰ লগতে বয়সৰ চাপো পেলায়।
এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰে যেতিয়া ই বয়সৰ লগত সংগতি নেদেখুৱায়। উদাহৰণস্বৰূপে এজন বিশ-ত্রিশ বছৰ বয়সৰ ভিতৰৰ লোকে চুলি সৰি বহুত বেছি বয়স হোৱা যেন দেখায় বা চল্লিশ বছৰৰ এজন লোকক যেতিয়া ৬০ৰো বেছি হোৱা যেন লাগে, মানুহজন হতাশাত ভোগে, এক কৃত্রিম দৈহিক বিকাৰত ভোগে।
এইদৰে চুলি সৰি তপা হোৱা কাৰকে এজন লোকক বয়সতকৈ বেছি বুঢ়া হোৱা যেন দেখায়। এই সমস্যাই এজন মানুহৰ সামাজিক আৰু কর্মক্ষেত্রত বিয়োগাত্মক প্রভাৱ পেলাব পাৰে। যিসকল লোকে নিজৰ এই সমস্যাটোক লৈ বিশেষভাৱে চিন্তিত অথবা বেছি উদ্বিগ্ন তেওঁলোকক তপা হোৱা সমস্যাই অন্য লোকৰ সতে মুখামুখি হোৱাটো কষ্টকৰ হ'ব পাৰে।
মহিলাসকলে যদি এই সমস্যাত ভোগে তেনেহ’লে ই তেওঁলোকৰ বাবে অতি চিন্তাৰ কাৰণ হৈ পৰে, যিহেতু তেওঁলোকে শিৰৰ ভূষণস্বৰূপ চুলিখিনি হেৰুৱালে নিজৰ সৌন্দর্য্য বহুলাংশে হ্রাস পোৱা বুলি অনুভৱ কৰে।
শতিকা শতিকা যুৰি তপা হোৱা সমস্যাক ৰোধ কৰাৰ ভিন্ন প্রচেষ্টা পৃথিৱীৰ সকলো ঠাইতে চলি আহিছে। এই সমস্যাসমূহ ৰোধ কৰাৰ কি কি প্রণালী আছে এতিয়া আমি আলোচনা কৰিম-
Magic Cure (যাদুকৰি শক্তি) সমাজত বিভিন্ন পৰম্পৰাগত যাদু-মন্ত্র আদি প্রয়োগ কৰি চুলি সৰাৰ চিকিৎসা কৰা হয়। বিশ্বাস অবিশ্বাসৰ মাজত থকা এনে দুটামান প্রথা হ'ল- চুলি নথকা অংশত সৰু ল'ৰাৰ লিংগ স্পর্শ কৰোৱা, গৰম সেক দি, ঠাণ্ডা কৰি, বায়ুশূন্য কৰি....ইত্যাদি।
Mesotherapy: Magic Cure প্রথাৰ দৰেই Mesotherapy এটা প্রথা। ইয়াতো কোনো বিজ্ঞানসন্মত সত্যতা নাই। মেচ'থেৰাপীৰ বিষয়ে ইয়াত আলোচনা উপলব্ধ।
Hair oils: বিভিন্ন তেলৰ ব্যৱহাৰ কৰিও চুলি সৰা সমস্যা ৰোধৰ চেষ্টা কৰা যায়। ভাৰতবর্ষত এনে বহু তেলৰ ব্যৱহাৰৰ পৰম্পৰা আছে। সেইবোৰৰ ভিতৰত Coconut oil, Sesame seed oil, Castor oil আদি উল্লেখনীয়। কিন্তু অসংখ্য তপামূৰীয়া মানুহৰ মাজত ইয়াৰ অতি কমহে ব্যৱহাৰ বা পৰীক্ষা চলে।
আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ'ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল'ব লগা ব্যৱস্থা সমূহ হ'ল:
নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।
Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা অক্রান্ত হোৱাৰ কোনো আশংকা নাথাকে। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।
পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত এটা আন্তঃৰাষ্ট্রীয় মান দখল কৰিছে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।
শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এইয়াই হৈছে এই প্রক্রিয়াই ল'ব পৰা সকলোতকৈ কম সময়। আন বহু কেন্দ্রই এই একে প্রক্রিয়াৰ বাবে সময় লয় ৪-৫ ঘণ্টা বা ততোধিক। আমি এই শৰীৰ সময়কলৈ গৌৰৱান্বিত। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।
অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ Pই. জে মজুমদাৰ এই ক্ষেত্রত ৰোগীসকলৰ বাবে সদায়ে উপলব্ধ হৈ আছে আৰু কোনো ৰোগীয়ে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।
নিবন্ধের তালিকা
- By Palash Mazumdar