তপা হোৱা সমস্যাৰ চিকিৎসা

তপা হোৱা সমস্যাৰ চিকিৎসা


ড: পলাশজ্যোতি মজুমদাৰ আৰু ডাউন টাউন আৰোগ্যম কেশ সংৰোপন চিকিৎসা কেন্দ্রই অসম তথা উত্তৰ-পূর্বাঞ্চলত সর্বপ্রথম সর্বোত্তম চিকিৎসা পদ্ধতিৰে FUE মাধ্যমেৰে চুলি পুনৰ সংৰোপনৰ পথ মুকলি কৰিছে যি আটাইতকৈ কার্যক্ষম, পীড়াহীন আৰু সম্পূর্ণ আৰামদায়ক চিকিৎসা।
ডাউন টাউন আৰোগ্যম চুলি সংৰোপন চিকিৎসা কেন্দ্রই ইতিমধ্যে গৌৰৱময় তিনিটা বর্ষ অতিক্রম কৰিছে আৰু অসমকে ধৰি মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, ত্রিপুৰা আৰু মণিপুৰৰ ৩০০ (তিনিশ)তকৈ অধিক ৰোগীক চিকিৎসা প্রদান কৰি সুফল লাভ কৰিছে।

মই ক্রমান্বয়ে তপা হ'বলৈ ধৰিছোঁ আৰু ই মোক খুব হতাশ কৰিছে। ইয়াৰ পৰা পৰিত্রাণৰ উপায় কি?

চুলি সৰাৰ চিকিৎসা কি আছে? ইয়াক কিদৰে ৰোধ কৰিব পাৰি? চুলি সৰাৰ চিকিৎসা কৰাৰ কিবা কার্যকৰী বিশ্বাসযোগ্য চিকিৎসা পদ্ধতি আছেনে?

hair transplant in Guwahati

অতি পুৰণি কালৰ পৰাই অসংখ্য পুৰুষক এই প্রশ্নবিলাকে আমনি দি আহিছে। যুগ যুগান্তৰৰ এই উত্তৰহীন প্রশ্নৰ সম্পূর্ণ বিজ্ঞানসন্মত উত্তৰ একৈশ শতিকাত পোৱা গ'ল- চুলি সংৰোপন (H.T.) ব্যৱস্থাৰ দ্বাৰা। FUE প্রক্রিয়াৰে সম্ভৱ হোৱা এই অত্যাধুনিক চিকিৎসা বর্তমান অসমৰ গুৱাহাটীকে ধৰি সমগ্র উত্তৰ পূর্বাঞ্চলত উপলব্ধ।

তপা হোৱা সমস্যাটোৱে সকলো পুৰুষকে যন্ত্রণা দিয়ে। এক বংশগতিক ৰোগ হিচাপে দেখা দিয়াৰ লগতে বয়সৰ চাপো পেলায়।

এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰে যেতিয়া ই বয়সৰ লগত সংগতি নেদেখুৱায়। উদাহৰণস্বৰূপে এজন বিশ-ত্রিশ বছৰ বয়সৰ ভিতৰৰ লোকে চুলি সৰি বহুত বেছি বয়স হোৱা যেন দেখায় বা চল্লিশ বছৰৰ এজন লোকক যেতিয়া ৬০ৰো বেছি হোৱা যেন লাগে, মানুহজন হতাশাত ভোগে, এক কৃত্রিম দৈহিক বিকাৰত ভোগে।

এইদৰে চুলি সৰি তপা হোৱা কাৰকে এজন লোকক বয়সতকৈ বেছি বুঢ়া হোৱা যেন দেখায়। এই সমস্যাই এজন মানুহৰ সামাজিক আৰু কর্মক্ষেত্রত বিয়োগাত্মক প্রভাৱ পেলাব পাৰে। যিসকল লোকে নিজৰ এই সমস্যাটোক লৈ বিশেষভাৱে চিন্তিত অথবা বেছি উদ্বিগ্ন তেওঁলোকক তপা হোৱা সমস্যাই অন্য লোকৰ সতে মুখামুখি হোৱাটো কষ্টকৰ হ'ব পাৰে।

মহিলাসকলে যদি এই সমস্যাত ভোগে তেনেহ'লে ই তেওঁলোকৰ বাবে অতি চিন্তাৰ কাৰণ হৈ পৰে, যিহেতু তেওঁলোকে শিৰৰ ভূষণস্বৰূপ চুলিখিনি হেৰুৱালে নিজৰ সৌন্দর্য্য বহুলাংশে হ্রাস পোৱা বুলি অনুভৱ কৰে।

শতিকা শতিকা যুৰি তপা হোৱা সমস্যাক ৰোধ কৰাৰ ভিন্ন প্রচেষ্টা পৃথিৱীৰ সকলো ঠাইতে চলি আহিছে। এই সমস্যাসমূহ ৰোধ কৰাৰ কি কি প্রণালী আছে এতিয়া আমি আলোচনা কৰিম-

Magic cures: (যাদুকৰি শক্তি) সমাজত বিভিন্ন পৰম্পৰাগত যাদু-মন্ত্র আদি প্রয়োগ কৰি চুলি সৰাৰ চিকিৎসা কৰা হয়। বিশ্বাস অবিশ্বাসৰ মাজত থকা এনে দুটামান প্রথা হ'ল- চুলি নথকা অংশত সৰু ল'ৰাৰ লিংগ স্পর্শ কৰোৱা, গৰম সেক দি, ঠাণ্ডা কৰি, বায়ুশূন্য কৰি....ইত্যাদি।

Mesotherapy: Magic Cure প্রথাৰ দৰেই Mesotherapy এটা প্রথা। ইয়াতো কোনো বিজ্ঞানসন্মত সত্যতা নাই। মেচ'থেৰাপীৰ বিষয়ে ইয়াত আলোচনা উপলব্ধ।

Hair oils: - বিভিন্ন তেলৰ ব্যৱহাৰ কৰিও চুলি সৰা সমস্যা ৰোধৰ চেষ্টা কৰা যায়। ভাৰতবর্ষত এনে বহু তেলৰ ব্যৱহাৰৰ পৰম্পৰা আছে। সেইবোৰৰ ভিতৰত Coconut oil, Sesame seed oil, Castor oil আদি উল্লেখনীয়। কিন্তু অসংখ্য তপামূৰীয়া মানুহৰ মাজত ইয়াৰ অতি কমহে ব্যৱহাৰ বা পৰীক্ষা চলে।

Hair styling:- মূৰৰ চুলি সৰা অংশ ঢাকিবলৈ চুলি ফণিওৱা ধৰণ সলনি কৰে। আটাইতকৈ জনপ্রিয় বা ক'মন শৈলীটো হ'ল "Comb Orem", সাধাৰণতে মূৰৰ দুয়োকাষৰ চুলিবোৰ দীঘলীয়াকৈ ৰাখি মাজৰ তপা অংশ ফণিৰে ঢাকি দিয়া যায়। প্রথম অৱস্থাত এই বুদ্ধিয়ে সুন্দৰকৈ কাম দিয়ে। কিন্তু পাচলৈ ই দেখা আপচু হ'বলৈ ধৰে আৰু হাস্যকৰো হয়। জাপানীসকলে ইয়াক "Bar Code" বুলি কয় কাৰণ দীঘল চুলি কেইডালৰ ফাঁকেৰে ওলাই থকা তপা অংশখিনিক দেখাত "Bar Code"ৰ নিচিনা লাগে। কিছুমান মানুহে তপামূৰক গুৰুত্ব নিদি একেবাৰে চুটি চুটিকৈ কাটি পেলায়। ইও এক সুন্দৰ ব্যৱস্থা, আনতকৈ বেলেগ এক ৰূপ লয়, কিন্তু চুলি সৰাৰ সমস্যাটো আনৰ আগত ধৰা পৰে। বহুতেই সম্পূর্ণকৈ চুলি খুৰাই পেলাই যি সকলোৱে কৰিব নোৱাৰে।

টুপি: টুপি পিন্ধি তপা মূৰ ঢাকি ৰখাটো আটাইতকৈ সহজ উপায়। ইও ফলদায়ক। তথাপি সকলোৱে টুপি পিন্ধাটো পচন্দ নকৰে। নিজ কর্মথলী; সভা-সমিতি, বিভিন্ন সামাজিক কাম-কাজ আদিত অনবৰতে টুপি পিন্ধিব নোৱাৰি।

Hair wig: তপা মূৰ ঢাকি ৰাখিবলৈ wigৰ ব্যৱহাৰ কৰাটো অতি পুৰণি ব্যৱস্থা। প্রাচীন ইজিপ্তকে ধৰি পৃথিৱীৰ বহু দেশত wigৰ ব্যৱহাৰ হয়। আধুনিক প্রযুক্তিৰে wig সমূহ দিনক দিনে সুন্দৰ আৰু অধিক আকর্ষণীয় ৰূপত কিছুমান কৃত্রিম আঁহ আৰু প্রাকৃতিক চুলিৰ সহায়ত তৈয়াৰ কৰা হৈছে। কিন্তু wigৰ কৃত্রিমতা ওচৰৰ পৰা লক্ষ্য কৰিলে প্রকট হৈ উঠে আৰু পিন্ধোতাজনে এক অস্বস্তিকৰ অৱস্থাৰ সন্মুখীন হয়। সি পিছলি পৰাৰ ভয়ো থাকে কাৰণ ইয়াৰ কোনো হেয়াৰ লাইন নাথাকে। ওচৰৰ পৰা লক্ষ্য কৰিলে wig আৰু মূৰৰ মাজত থকা পার্থক্য সুন্দৰকৈ ধৰা পৰে। আনে নেদেখাকৈ কঢ়িয়াই ফুৰাটোও কঠিন। অন্য লোকেও "সেই wig পিন্ধা মানুহজন" বুলি চিনাকী দিয়ে। Hair Weavingত নিজৰ চুলিৰ লগত আন চুলি গাঁঠি দিয়া হয়। বিভিন্ন প্রক্রিয়াৰে এই কাম কৰা হয়। এই উপৰুৱা চুলিবোৰ প্রাকৃতিক আৰু কৃত্রিম দুই প্রকাৰৰ হ'ব পাৰে। কিছুমান চুলি বিক্রী কৰা মানুহৰ পৰা প্রাকৃতিক চুলি সংগ্রহ কৰা যায় আৰু কৃত্রিমভাৱে তৈয়াৰী বিভিন্ন চুলি এই পদ্ধতিত লগোৱা হয়। এই ধৰণত চুলি লগোৱা প্রক্রিয়াও বেলেগ বেলেগ। ক্লিপ মেথডৰ জৰিয়তে কৃত্রিম চুলি মূৰৰ চুলিৰ লগত ক্লিপ মাৰি দিয়া হয়।

Hair weaving: কোমল আঠা লগাইও কৃত্রিম চুলি লগাব পাৰি। এই প্রক্রিয়া ক্ষণস্থায়ী কিন্তু আৰামদায়ক; আনহাতে দীর্ঘদীন চুলি ধৰি ৰাখিব পৰাকৈ টান আঠা লগাব পাৰি কিনতু একেবাৰে আৰামদায়ক নহয়। ফিউজন মেথ'ডৰ দ্বাৰা সহ্য কৰিব পৰাকৈ গৰম আঠা ব্যৱহাৰ কৰি চুলি লগোৱা হয় তথাপিতো ইয়াৰ অন্য প্রভাৱ থাকিব পাৰে। চুলি সৰিবলৈ আৰম্ভ হোৱাৰ প্রথম অৱস্থাত Hair Weaving এক সুন্দৰ পদক্ষেপ। প্রথম অৱস্থাত সামান্য পৰিমাণৰ চুলি লগাওতে ইয়াক ধৰা পেলাব নোৱাৰি। ইয়াৰ বিয়োগাত্মক দিশটো হ'ল অতি বেছি যত্নৰ দৰকাৰ। কিছুমান Hair Weaving পদ্ধতিত চুলি ধোৱা-ফণিওৱাৰ অনুমতি থাকিলেও বিশেষভাৱে অনুমোদিত ফণী বা শ্বেম্পুহে ব্যৱহাৰ কৰিব পাৰি। কোনো কোনো মেথ'ড অনুযায়ী কেতিয়াবা ২-৩ সপ্তাহৰ অন্তৰত বা কেতিয়াবা ২-৩ মাহৰ অন্তৰত পৰীক্ষা কৰাইও থাকিব লাগে। কাৰণ পুৰণি চুলিবোৰ বাঢ়ি আহোতে নতুন চুলিবোৰ লগতে উঠি আহে আৰু গুৰিৰ লগত সংযোজিত কৰিব লাগে। এইধৰণৰ যত্ন লৈ থকাটো কষ্টদায়ক, অতি কম সংখ্যকেহে এইধৰণে যত্ন কৰিব পাৰে। ইয়াৰ খৰচ পাতিও যথেষ্ট বেছি। Hair Weaving অতি বেছিকৈ চুলি নথকা সকলৰ বাবে খাপ নাখায় তদুপৰি Wig পিন্ধা যেনহে দেখি।

There are four scientifically accepted methods for treatment of baldness. – Medicines, LLLT, SMP and Hair Transplant.

Hair Transplantation: (চুলি সংৰোপন) এই পদ্ধতিয়েই আটাইতকৈ বেছি ফলদায়ক আৰু সম্পূর্ণ নিৰাপদ, সর্বোৎকৃষ্ট আধুনিক পদ্ধতি। এই পদ্ধতিত প্রাকৃতিক পদ্ধতিৰে Hair Line সহ চুলি প্রাকৃতিক চুলি গজোৱা হয় আৰু কোনো দিশৰ পৰাই মানুহজনক নতুন চুলি লগোৱা বুলি ধৰা পেলোৱাৰ উপায় নাথাকে। কাৰণ সেয়া মানুহজনৰ নিজৰ চুলিৰ দ্বাৰাই কৰা যায়। চুলিৰ ৰং, চুলিৰ ঢউ, চুলিৰ আকাৰ আদি একেই থাকে। ই প্রাকৃতিক ভাৱেই বাঢ়ে, পচন্দমতে কাটিব পাৰে, ফণিয়াব পাৰে, কোনো বিশেষ যত্ন ল'ব নালাগে। এই পদ্ধতিৰে চুলি সংৰোপন কৰা ব্যক্তয়ে চুলিৰ স'তে পূর্বৰ সূন্দর্য ঘূৰাই পায়। ইয়াৰ মূল বিয়োগাত্মক দিশটো হ'ল ব্যয়বহুলতা। কিন্তু এই খৰচ মাত্র এবাৰেই কৰিব লাগে। অন্য পদ্ধতিতো কম কমকৈ বাৰে বাৰে খৰচ কৰোতে ক'ব নোৱাৰাকৈ বহু টকা খৰচ কৰিব লগাত পৰে। সেই ফালৰপৰা চাবলৈ গ'লে Hair Transplantation পদ্ধতি সমগ্র জীৱনৰ বাবে কৰা এক খৰচী কাৰবাৰ। কাৰণ এই চুলি এজন মানুহৰ মূৰত মৃত্যু পর্যন্ত থাকি যাব, দ্বিতীয়বাৰ কোনো খৰচ নকৰাকৈ। আপুনি মাত্র কল্পনা কৰক আপুনি আপোনাৰ হেৰুৱা চুলি সম্পূর্ণ জন্মগত Hair Line সহ প্রাকৃতিকভাৱে লাভ কৰিব সমগ্র জীৱন, অথচ পঞ্চাচ বছৰ পাৰ কৰা আপোনাৰ বন্ধুসকলে লাহে লাহে চুলি হেৰুৱাই তপা হ'বলৈ আৰম্ভ কৰিছে। আপুনি এতিয়াও ডেকা হৈয়ে আছে।

Contact us

For more info on Hair Transplant, fill in the details below and submit: Our Representative will contact you very shortly.

New: Online consultation tool for graft estimate.

Upload five pictures of your head - front, back,top, left and right profile, to get an estimate of the grafts that you will need.

মানদণ্ডৰ সুনিশ্চিতি:

আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এজন ৰোগীয়ে যাতে চুলি সংৰোপনৰ জৰিয়তে উন্নত মানৰ ফলাফল লাভ কৰে তাৰ বাবে পর্যায়ক্রমে সর্বতোপ্রকাৰৰ ব্যৱস্থা গ্রহণ কৰে। সঠিক গুণগত মেইনটেইনাঞ্চৰ চাবিকাঠিটো হ'ল পৰিমাপযোগ্য উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতিৰ প্রয়োগ আৰু নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে লৈ থকা বিশেষ ব্যৱস্থা তথা পৰামর্শ সমূহ। ডাউন টাউন হস্পিটেল এখন ISO 9001:2008 আৰু NABHৰ দ্বাৰা স্বীকৃত চিকিৎসালয়, যিয়ে উন্নত মানৰ চিকিৎসা প্রদানৰ সৈতে কোনোদিনে আপোচ কৰা নাই। পর্যায়ক্রমে ল'ব লগা ব্যৱস্থা সমূহ হ'ল:

 নিৰাপদ চিকিৎসা সুনিশ্চিত: ডাউন টাউন হস্পিটেলৰ নিজা OT ত সজ্ঞানাশক চিকিৎসক (anaesthesiologists) আৰু চিকিৎসা সেৱা বিশেষজ্ঞ (critical care specialists)ৰ উপস্থিতিত এই চিকিৎসা প্রদান কৰা হয়। সেয়েহে চুলি সংৰোপন কৰা ব্যক্তিসকলে অন্যান্য জটিল ৰোগৰ অস্ত্রোপচাৰ হোৱা, আনকি শৰীৰৰ আন অংগ সংৰোপন কৰা ৰোগীসকলৰ দৰেই সমানে গুৰুত্ব আৰু সেৱা পায়।  

Sterilisation নিশ্চিতি: যিহেতু গোটেই প্রক্রিয়াটো নিজা OTত সম্পন্ন কৰা হয়, সেয়ে ইয়াত ৰোগীজন বিজাণুৰ দ্বাৰা অক্রান্ত হোৱাৰ কোনো আশংকা নাথাকে। প্রতি সপ্তাহতে fumigation বা গেছ প্রয়োগৰ জৰিয়তে আৰু swab test বা বিজাণুৰোধী সামগ্রী প্রয়োগৰ জৰিয়তে বিজাণু নাশ কৰা হয়।

পাৰদর্শিতাৰ গুণাগুণ নির্ণয়: এই প্রক্রিয়াত সংৰোপনৰ গতিবেগ আৰু লেনদেনৰ অনুপাত আদি চোৱা যায় আৰু প্রতি ১০ টা অস্ত্রোপচাৰৰ পিছত পুনর্নিৰীক্ষণ কৰা যায়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই এই ক্ষেত্রত এটা আন্তঃৰাষ্ট্রীয় মান দখল কৰিছে। সঠিক সংগ্রাহক ঘনত্বৰ বাবে Density stamps ৰ ব্যৱহাৰ আছে। চুলিৰ সঠিক স্থান আৰু কৌণিক দিশ আদি নিখুঁটভাৱে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ইয়াত চিকিৎসা সম্পন্ন কৰা হয়।

শৰীৰৰ সময়: মানৱ দেহে প্রতিগুচ্ছ নতুন চুলি গ্রহণ কৰি তাক শৰীৰৰ সৈতে খাপ খোৱাই লবৰ বাবে নির্দিষ্ট এক সময় লয়। আৰোগ্যম চুলি সংৰোপন কেন্দ্রই কথাটোৰ প্রতি অতি সুক্ষ্ম দৃষ্টি ৰাখে কিয়নো এইটোৱেই চুলি সংৰোপনৰ অটাইতকে ডাঙৰ প্রত্যাহ্বান। এই সময়খিনি যাতে নূন্যতম হয় তাৰ প্রতি আৰোগ্যম চুলি সংৰোপন কেন্দ্রই চকু ৰাখে্। সেয়ে তেওঁলোকে এজন ব্যক্তিৰ তালুত প্রথমে কেৱল 1000 ডাল চুলি সংৰোপন কৰি তাক পুনৰ সংৰোপন কৰে। এই কথাটোৰ জৰিয়তে শৰীৰৰ সময়টো এঘণ্টাতকৈ কম হোৱাটো সুনিশ্চিত কৰে। এইয়াই হৈছে এই প্রক্রিয়াই ল'ব পৰা সকলোতকৈ কম সময়। আন বহু কেন্দ্রই এই একে প্রক্রিয়াৰ বাবে সময় লয় ৪-৫ ঘণ্টা বা ততোধিক। আমি এই শৰীৰ সময়কলৈ গৌৰৱান্বিত। এই প্রক্রিয়াত কিছু সময় খৰচ হয় যদিও ইয়াৰ ফলাফল অতি চমৎকাৰ।

অস্ত্রোপচাৰুত্তৰ কালচোৱা বা Follow Up পর্যায়টো আৰু অধিক প্রত্যাহ্বান পূর্ণ কিয়নো এই পর্যায়ত এজন ৰোগীয়ে তেওঁৰ চুলিৰ বৃদ্ধি আৰু বিকাশ সম্পর্কে অনেক শংকা আৰু উদ্বেগত ভূগে। ড০ Pই. জে মজুমদাৰ এই ক্ষেত্রত ৰোগীসকলৰ বাবে সদায়ে উপলব্ধ হৈ আছে আৰু কোনো ৰোগীয়ে তেওঁৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিবলৈ তেখেতৰ ব্যক্তিগত ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।

 

ৰচনাৰ সুচী

ড০ পি.জে মজুমদাৰৰ শিক্ষাগত অর্হতাৰ বিষয়ে সবিশেষ তথ্য ইয়াত লাভ কৰিব পাৰে (Link to Academic Certificates) তেওঁৰ ৰিজিউম ইয়াত চাব পাৰে: ৰিজিউম।(Link to Resume) যোগাযোগৰ ঠিকনা আৰু আন আন তথ্যৰ বাবে যোগাযোগলৈ যাওক। (Link to Contact) এই ব্লগটোত মূলতঃ চুলি সংৰোপনৰ বিষয়ে লেখনি আছে। ডাউন টাউন চুলি সংৰোপন কেন্দ্রত হোৱা চুলি সংৰোপনৰ ছবি চাবলৈ গেল্যাৰীলৈ যাওক। ব্লগ, ফ'ৰাম আৰু গেল্যাৰী পৃষ্ঠাসমূহ এতিয়াও নির্মাণৰত অৱস্থাত আছে। অনুগ্রহ কৰি প্রায় এমাহৰ পিছত আকৌ এবাৰ চাওক।

- By Palash Mazumdar